Wednesday 22 November 2023

আদিকথা

কপিৰাইট  (স্বত্ত্বাধিকাৰ) বিলোপ হোৱা পুৰণি অসমীয়া কবিতাসমুহ ইউনিক'ড মানেৰে ইণ্টাৰনেটৰ যোগেদি উপলব্ধ কৰোৱাৰ ই আমাৰ এক নিঃকিন প্ৰচেষ্টা। আমাৰ জ্ঞান-বুদ্ধি মতে ইয়াত দিয়া সকলো পদ্য বা কবিতাৰে স্বত্ত্বাধিকাৰ ইতিমধ্যে বিলোপ হৈছে, তথাপিও ভুল ৰৈ যোৱাৰ সম্ভাৱনা নোহোৱা নহয়। ইয়াৰ বাবে আমাৰ উদ্দেশ্য নহয়, আচলতে এই কবিতা বিলাকৰ সম্বন্ধে সহজে উপলব্ধ তথ্যহে দায়ী। এই কাম কোনো ব্যৱসায়িক উদ্দেশ্যেৰে কৰা  হোৱা নাই, কেৱল প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰতি অকৃত্ৰিম অনুৰাগ আৰু ইয়াৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ প্ৰতি থকা দ্বায়বদ্ধতাহে ইয়াৰ মূল চালিকা শক্তি।
 

তথাপি আমি কোনো ভুল তথা বে-আইনী কাৰ্যক সমৰ্থন কৰিব বিছৰা নাই। যদি কোনো পাঠকৰ হাতত ইয়াত দিয়া কবিতাসমূহৰ স্বত্ত্বাধিকাৰ উলংঘন সম্পৰ্কে কিবা নিৰ্ভৰযোগ্য তথ্য হাতত আছে, তেন্তে আমাৰ অনুৰোধ, যাতে অনতিপলমে মন্তব্য আকাৰে কবিতাটোৰ তলতে জনায়। সত্য তথ্য তথা মতামতক যথাযোগ্য সন্মানেৰে গ্ৰহণ কৰাৰ লগতে উপযুক্ত ব্যৱস্থা লোৱা হব।

 কবিতাবিলাকত বানান বা বৰ্ণ সঞ্চয়ন মূল চপা প্ৰকাশৰ আলমতে ৰখা হৈছে, কোনো সম্পাদনা বা শুধৰণি কৰা হোৱা নাই।

আপুনিও যদি এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিব বিছাৰে, অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰক।

চিৰ চেনেহী মোৰ ভাষা জননী

আমি অসমীয়া নহও দুখীয়া কিহৰ দুখীয়া হম,
সকলো আছিল, সকলো আছে, নুশুনো নলও গম ॥

চিৰ চেনেহী মোৰ ভাষা জননী

                                                      

 

চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ' সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই এই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।



                                                           চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি সনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ
হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥

 

Summary in English

“Siro Senehi" is a poignant poem composed by the eminent Assamese poet Mitradev Mahanta and embraced by Axom Sahitya Xabha as its theme song.

 

The poem tenderly portrays the mother tongue as a cherished and eternal maternal figure. Mitradev Mahanta extols the virtues of the mother tongue, describing it as affluent, tranquil, and as pure as fire. The act of speaking or listening to one's mother tongue is depicted as a transformative experience, filling the heart with a sense of fullness and contentment, akin to the way pristine flowers in nature fill the air with their fragrant essence. The poem beautifully captures the deep emotional connection between the poet and his native language, celebrating the profound impact of linguistic heritage on the human soul.

 

The poet inquires about the source of solace and relief amidst the wearisome daily chores of life. When fatigue sets in and the burdens become heavy, the poet reflects on who provides comfort, consoles the soul, and offers respite, allowing a moment to gaze deeply into the eyes of beloved ones. The answer, according to the poet, is found in one's mother tongue. It is the familiar language, rich with cultural and emotional resonance, that becomes a soothing balm for the weary heart, offering a sanctuary in the midst of life's challenges.

 

The poem concludes with a poignant request, as the poet implores the beautiful and melodious mother tongue to shower upon them countless waves of nectar in every aspect of life — in moments of joy, in times of sorrow, and even during struggles. This plea suggests a desire for the continued enrichment and sustenance that the mother tongue provides, not just in the poet's personal journey but also in the collective experiences of life, death, and the inevitable battles one faces. The language, portrayed as a source of nourishment and sweetness, is sought to be an enduring companion through all facets of existence.

 

সাৰাংশ (অসমীয়া)

 

" চিৰ চেনেহী " হৈছে বিশিষ্ট অসমীয়া কবি মিত্ৰদেৱ মহন্ত বিৰচিত মৰ্মস্পৰ্শী কবিতা আৰু ইয়াক অসম সাহিত্য সভাৰ ভাৱগীত হিচাপে গৃহিত।

কবিতাটোত মাতৃভাষাক এক প্ৰিয় আৰু চিৰন্তন মাতৃৰূপ হিচাপে চিত্ৰিত কৰা হৈছে। মহন্তদেৱে মাতৃভাষাৰ গুণাগুণৰ প্ৰশংসা কৰি ইয়াক সমৃদ্ধ, শান্ত আৰু জুইৰ দৰে পৱিত্ৰ বুলি বৰ্ণনা কৰিছে। নিজৰ মাতৃভাষাত কথা কোৱা বা শুনাক এক বিবৰ্তনকাৰী অভিজ্ঞতা হিচাপে চিত্ৰিত কৰা হৈছে, যি হৃদয়ক পূৰ্ণতা আৰু সন্তুষ্টিৰ ভাৱনাৰে পৰিপূৰ্ণ কৰি তোলে, প্ৰকৃতিৰ আদিম ফুলবোৰে নিজৰ সুগন্ধিৰে চাৰিওদিশ ভৰাই দিয়াৰ দৰে। কবিতাটোৱে কবিগৰাকী আৰু তেওঁৰ স্থানীয় ভাষাৰ মাজৰ গভীৰ আৱেগিক সম্পৰ্কক সুন্দৰভাৱে প্ৰতিফলিত কৰে, মানৱ আত্মাৰ ওপৰত নিজ ভাষিক ঐতিহ্যৰ গভীৰ প্ৰভাৱ চিহ্নিত কৰে। 

 

কবিয়ে জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজত সান্ত্বনা আৰু প্ৰশান্তিৰ উৎসৰ বিষয়ে এক অভিজ্ঞান কাৰিব খোজেজীৱন বাটত বাটকুৰি বাই বাই আমি যেতিয়া সম্পূৰ্ণ ক্লান্ত হৈ পৰো, জীৱনৰ বোজা অসহনীয় ভাৱে গধুৰ হৈ পৰে, তেতিয়া কোনে আমাক সান্ত্বনা দিয়ে? কোনে এপলক বিশ্ৰাম প্ৰদান কৰে? এক মুহূৰ্ত প্ৰিয়জনৰ চকুত গভীৰভাৱে চকু ফুৰাবলৈ অনুমতি দিয়ে? কবিগৰাকীৰ মতে ইয়াৰ উত্তৰ নিজ মাতৃভাষাত পোৱা যায়। সাংস্কৃতিক আৰু আৱেগিক প্ৰতিধ্বনিৰে সমৃদ্ধ এই পৰিচিত ভাষাই ক্লান্ত হৃদয়ৰ বাবে এক শান্তিদায়ক মলম হৈ পৰে, যি জীৱনৰ অহৰহ প্ৰত্যাহ্বানবিলাকৰ মাজতো এক প্ৰশান্তিৰ মৰুদ্যান ৰূপে ধৰা দিয়ে।

 

কবিতাটি এক মৰ্মস্পৰ্শী অনুৰোধৰ সৈতে সমাপ্ত হৈছে। কবিগৰাকীয়ে  সুন্দৰ আৰু সুৰীয়া মাতৃভাষাৰূপী আইক জীৱনৰ প্ৰতিটো দিশত; -আনন্দৰ মুহূৰ্তত, দুখৰ সময়ত, আনকি সংগ্ৰামৰ সময়তও তেওঁলোকৰ ওপৰত অমৃতৰ অগণন ঢৌ বৰ্ষণ কৰিবলৈ অনুৰোধ কৰে। এই আৱেদনটোৱে কেৱল কবিগৰাকীৰ ব্যক্তিগত যাত্ৰাত নহয়, জীৱন, মৃত্যু আৰু এজন ব্যক্তিয়ে সন্মুখীন হোৱা অনিবাৰ্য যুদ্ধৰ সামূহিক অভিজ্ঞতাত মাতৃভাষাই প্ৰদান কৰা নিৰন্তৰ সমৃদ্ধি আৰু প্ৰশান্তিৰ ইংগিত দিয়ে। আত্মিক সন্তুষ্টি আৰু মাধুৰ্যৰ উৎস হিচাপে চিত্ৰিত মাতৃভাষা মানৱ অস্তিত্বৰ সকলো দিশতে চিৰসঙ্গী হোৱা উচিত।

Sunday 30 May 2021

অসমীয়া ওমলা গীত

ডঃ নিৰ্মলপ্ৰভা বৰদলৈ

()

শামুক অ' শামুক

খাবা নেকি জালুক?

জালুক যদি নোখোৱা

ওলাবহি ভালুক

()

হাঁহ হাঁহ হাঁহ

হৈছেনে কাহ?

দৰৱ বুলি খাবানে

বাৰীৰ এতা বাঁহ??

()

জেঠী অ' জেঠী

কথা কওঁ এটি

আঁকিবানে বেৰত

মোৰ এখন ছবি?

Wednesday 19 December 2018

ভাল পাওঁ

ভাল পাঁও আকাশৰ মেঘৰ ধেমালি, 
বেলিৰ লগত থাকে লুকাভাকু খেলি।

ভাল পাঁও পথাৰৰ ৰং সেউজীয়া, 
ধাননি কপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতিৰ কোমল ৰ'দালি,
দেখা দিয়া কুঁৱলিৰ বগা জাল ফালি।
ভাল পাঁও মাক মোৰ অতি মৰমৰ, 

ওলট-পালট

এক আছিল বুঢ়া বুঢ়ী
নাছিল সিহঁতৰ ল'ৰা-লুৰি
কথাই কথাই এদিন দুয়োৰে
লাগি গল বৰ হুৰাহুৰি।

Wednesday 29 June 2016

সুখৰ ঠাই

কবিঃ আনন্দচন্দ্ৰ আগৰৱালা

শুনিছো সুখৰ ঠাই তোমাৰ মুখত
কোৱা আই! সেই ঠাই আছে বাৰু ক’ত?
কোৱা সি জেউতি ভৰা দেশ ক’ত বাৰু?
আমিনো বিছাৰি তাক নেপাম নে আৰু?
কমলাৰ ফুল য’ত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে,
তাতে নেসুখৰ ঠাই কোৱা মোক আই?

- নহয় নহয় তাত সাদৰী সোণাই।

Saturday 25 June 2016

মৰমৰ আই



কোনে মোক তুলি -তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷